মোৰ শৈশৱৰ দিনবোৰ (My childhood days)

         মই সৰুৰে পৰাই প্ৰকৃতিৰ আকাশ, পাহাৰ-পৰ্বত,গছ-বন,চৰাই-চিৰিকটি,জীৱ-জন্তু, নৈ-বিল  আৰু খেতি-পথাৰৰ দৃশ্য উপভোগ কৰি মনত অকলশৰে নীৰৱে এক আনন্দ লাভ কৰোঁ । ছয় বছৰ বয়সৰ পৰাই দেউতাৰ লগত পথাৰলৈ যোৱাৰ হেঁঁপাহ আছিল । এবাৰ (খুব সম্ভব ফাগুন নে চ'ত মাহত, মই পাহৰিছোঁ) আন মানুহৰ লগতে দেউতাই আমাৰ গাঁৱৰ ৰাইজৰ পথাৰত থকা নামঘৰৰ মাটিত কেইদিনমান ধৰি ৰাজহুৱা পুখুৰী খন্দা কামত আগ-ভাগ লৈছিল (বানপানী আহিলে পুখুৰীত মাছ ৰ'বলৈ) । সেইকেইদিনত আমি পুখুৰী খান্দি থকা কামৰ ওচৰৰ ঠাইত কঁহুৱা-বিৰিণা, বতা থকা ঘাঁহনিত আমাৰ গৰু-গাইক ঘাঁহ খাবলৈ পথাৰত এৰি দি গৰু চৰাই আছিলোঁ । এদিন আবেলি সময়ত পথাৰৰ ঘাঁহনিত গৰু-গাই চৰাই খেলি থাকোঁতে দেউতাই মোক পুখুৰীৰ পাৰত ফ'টো উঠিবলৈ মাত দিছিল... আৰু তেতিয়াই খৰখেদাকৈ দেউতাৰ ওচৰত থিয় হৈছিলোঁগৈ । তাৰ পিছত গম পালোঁ যে মানুহ এজনে ৰাইজৰ ৰাজহুৱা পুখুৰীটোৰ পাৰত আন আন মানুহকো ফ'টো উঠাবলৈ হাতত কিবা এটা লৈ আহিছে । মনত কিছু ভয় ভয় ভাব হৈছিল । মানুহজনে মোক দেউতাৰ কাষত থিয় হৈ সাজু হ'বলৈ দি, অলপ পিছতেই আতছ-বাজিৰ দৰে চকুত চাট মাৰি দিলে ।   পিছত দেউতা আৰু তাত থকা মানুহৰ পৰা জানিব পাৰিলোঁ যে সেইটো এটা 'কেমেৰা' । প্ৰযুক্তি বিদ্যাৰ অন্যতম এক আহিলা । হুবহু অবিকল প্ৰতিচ্ছবি সৃষ্টি কৰা সেই 'কেমেৰা'টো দেউতাৰ লগত পথাৰত দেখা পোৱাৰ স্মৃতি আজিও মনত আছে । মুকলি আকাশৰ তলত, পথাৰত দেউতাৰ সৈতে মোৰ শৈশৱৰ ছয় বছৰ বয়সৰ স্মৃতি ।
       
(Remembering my childhood...

On the eve of Holi ( most probably during the times of Assamese months of Fagun-Chaitra) , I was very happy in my life, while getting opportunity to stand in front of a camera for the first time with my father in an open field... Spending time in nature can really bring great happiness & improve our well-being... )


................................................................

দেউতাৰ লগত উঠা ফ'টোখন দেখি মোৰ তেতিয়া অনুভৱ হৈছিল যে যিকোনো ফ'টোত থকা ছবিবোৰ যদি আঁকিব পৰাহেঁতেন, কিমান যে ভাল লাগিলহেঁতেন ! তেতিয়াই মই ছবি অঁকাৰ প্ৰতি বহুত আগ্ৰহী হৈছিলোঁ, ঘৰতেই বহুত ছবি আঁকিছিলোঁ । অংগনবাদী স্কুললৈ নিয়মীয়াকৈ গৈছিলোঁ, মই অঁকা ছবিবোৰ ভাল দেখি স্কুলৰ বাইদেউয়ে স্কুলৰ ছবিৰ কাৰ্ডত থকা ছবিবোৰো আঁকিবলৈ দিছিল । মই এনেদৰে বহুত ছবি আঁকিছিলোঁ । স্কুলত বাইদেউয়ে মোক পুৰস্কাৰ এটা দিম বুলি ঘৰলৈ মাতি পঠিয়াইছিল । সেই কথাটো মনত পৰাত এদিন অকলে অকলে কিছুু দূৰৈত থকা অংগনবাদী স্কুলৰ বাইদেউৰ ঘৰলৈ গৈছিলোঁ আৰু বাইদেউ য়ে তেতিয়া ছবি অঁকা এখন বহী, ৰঙীন পেঞ্চিলৰ পেকেট আৰু নতুন ফলি এখন দিছিল । নতুন ফলিখনত আৱৰি থকা প্লাষ্টিকৰ পেকেটৰ ভিতৰত  'শিশু শ্ৰীকৃষ্ণৰ হাতত বাঁহী আৰু আনখন হাতত লাড়ু থকা ফ'টো'খন দেখি মোৰ মনটো এক অভিনৱ আনন্দত আত্মহাৰা হৈ উঠিল আৰু লগে লগেই দৌৰি দৌৰি আহি মোৰ মাৰ ওচৰলৈ আহি  সকলোখিনি কথা বিৱৰি ক'লোঁহি । মোৰ মায়ে তেতিয়া মোক কৈছিল--" স্কুললৈ সদায় যাব লাগে । স্কুলৰ বাইদেউহঁতে কোৱা প্ৰতিটো কথাই শুনিব লাগে । যি কৰিবলৈ কয়, কৰিব লাগে । তেতিয়া আৰু পুৰস্কাৰ পাবি ।" তেতিয়াৰ পৰা মই কিতাপ-পত্ৰ-ফ'টোত পোৱা ছবিবোৰ আঁকিছিলোঁ আৰু মাটিৰে বস্তু সাজিছিলোঁ । আন কথা পাহৰি এইবোৰ কামতেই মন সদায় নিৱিষ্ট আছিল; আনকি ভাত খাবলৈ মাতিলেও পাহৰি বহু সময়ৰ পিছতহে গৈছিলোঁ । সেই শৈশৱৰ দিনবোৰৰ নতুন ফলিখনত অহা 'শিশু শ্ৰীকৃষ্ণৰ ফ'টো'খনৰ প্ৰতিচ্ছবিটো এতিয়াও মনত পৰে । 




_________________________________

মোৰ মাৰ হাতৰ কামৰ এক স্মৃতি... বিবাহিত জীৱনৰ আগতেই ৰঙীণ চানেকিৰে কাপোৰত বুটা বাছি থৈছিল । ( A memorable work of embroidery by my mother before her married life... ) 
________________________________________

Popular posts from this blog