Posts

এখন অনলাইন আলোচনীলৈ পঠিওৱা দুটা সৰু কবিতা প্ৰকাশ পাইছিল... ইংৰাজীলৈ অনুবাদ কৰিছিল ড৹ আনন্দ বৰমুদৈ ছাৰে... https://poetrywithoutfear.com/two-poems-by-akan-das/ https://poetrywithoutfear.com/two-poems-by-akan-das/

মোৰ শৈশৱৰ দিনবোৰ (My childhood days)

Image
         মই সৰুৰে পৰাই প্ৰকৃতিৰ আকাশ, পাহাৰ-পৰ্বত,গছ-বন,চৰাই-চিৰিকটি,জীৱ-জন্তু, নৈ-বিল  আৰু খেতি-পথাৰৰ দৃশ্য উপভোগ কৰি মনত অকলশৰে নীৰৱে এক আনন্দ লাভ কৰোঁ । ছয় বছৰ বয়সৰ পৰাই দেউতাৰ লগত পথাৰলৈ যোৱাৰ হেঁঁপাহ আছিল । এবাৰ (খুব সম্ভব ফাগুন নে চ'ত মাহত, মই পাহৰিছোঁ) আন মানুহৰ লগতে দেউতাই আমাৰ গাঁৱৰ ৰাইজৰ পথাৰত থকা নামঘৰৰ মাটিত কেইদিনমান ধৰি ৰাজহুৱা পুখুৰী খন্দা কামত আগ-ভাগ লৈছিল (বানপানী আহিলে পুখুৰীত মাছ ৰ'বলৈ) । সেইকেইদিনত আমি পুখুৰী খান্দি থকা কামৰ ওচৰৰ ঠাইত কঁহুৱা-বিৰিণা, বতা থকা ঘাঁহনিত আমাৰ গৰু-গাইক ঘাঁহ খাবলৈ পথাৰত এৰি দি গৰু চৰাই আছিলোঁ । এদিন আবেলি সময়ত পথাৰৰ ঘাঁহনিত গৰু-গাই চৰাই খেলি থাকোঁতে দেউতাই মোক পুখুৰীৰ পাৰত ফ'টো উঠিবলৈ মাত দিছিল... আৰু তেতিয়াই খৰখেদাকৈ দেউতাৰ ওচৰত থিয় হৈছিলোঁগৈ । তাৰ পিছত গম পালোঁ যে মানুহ এজনে ৰাইজৰ ৰাজহুৱা পুখুৰীটোৰ পাৰত আন আন মানুহকো ফ'টো উঠাবলৈ হাতত কিবা এটা লৈ আহিছে । মনত কিছু ভয় ভয় ভাব হৈছিল । মানুহজনে মোক দেউতাৰ কাষত থিয় হৈ সাজু হ'বলৈ দি, অলপ পিছতেই আতছ-বাজিৰ দৰে চকুত চাট মাৰি দিলে ।   পিছত দেউতা আৰু তাত থকা মানুহৰ পৰা জানিব পাৰিলো